Welcome to Recipes.com

With simplicity, Assamese cuisine is a blend of different native styles with significant regional variations and some external influences. My blog Recipes.com is basically for those people who really love different kind of Assamese cuisine. Here I have shared a few very well-liked dishes from my native soil Assam. Apart from Assamese recipes I have shared different kind of recipes through this blog. Hope you will like it..........

Powered By Blogger

Friday, January 6, 2017

সৰু মাছৰ বিবিধ………


অসমীয়া খাদ্য সম্ভাৰত মাছৰ জনপ্রিয়তা কিমান তাক নকৈ কোৱাৰ প্ৰয়োজনীয়তা হয়তো নাই ৷ তাতে আকৌ যদি আখলত সৰু মাছৰ ব্যঞ্জন তেনেহ'লে বহুজনৰ হয়তো দুগৰাহ ভাত সৰহকৈ পেটলৈ যাব ৷ তেন্তে আহকচোন আজি আমি কেইবিধমান সৰু মাছৰ তেনেই সহজ অসমীয়া ব্যঞ্জন প্ৰণালী শিকো………

 ১. পুঠি মাছৰ খাৰ জোল…


সামগ্ৰী :

পুঠি মাছ  ১৫-২০ টা মান

কলাখাৰ  ২ চাহ চামুচ

নহৰু ৩-৪ ফোটা

কেচা জলকীয়া ৩-৪ 

নিমখ সোৱাদ অনুযায়ী 

পানী ২ কাপ


প্ৰণালী: 

 কাটি বাছি ধুই লোৱা মাছ কেইটাত অলপ নিমখ - হালধি  গুড়ি ভলদৰে সানি লব ৷
এতিয়া এটা গৰম কেৰাহীত মিঠাতেলত মাছ কেইটা আধা ভজাকৈ ভাজি লব ৷
সেই একে কেৰাহীতেই নামমাত্র তেল দি সৰিয়হ গুটি কেইটামান মান ফুটাই দিব ৷ লগতে কেচা জলকীয়া, নহৰু আৰু নিমখ দি ভালদৰে লৰাই দিব ৷ লগে লগে কলাখাৰ আৰু পানী দি অলপ সময় উতলিব দিব ৷ জোলখন ভালকৈ উতলি উঠিলে ভাজি থোৱা মাছ কেইটা দি দিব ৷ ১০ মিনিট মান সময় ভালদৰে উতলিবলৈ দিব ৷ সোৱাদ বঢ়াবৰ বাবে কেইটামান কেচা জলকীয়া  জোলখনত জুইৰ পৰা নমোৱাৰ আগতে ফালি দিব পাৰে ৷



২. পাতত দিয়া মোৱা মাছ পিটিকা


সামগ্ৰী:

কলপাত ( ব্যৱহাৰ কৰাৰ আগত পাতকেইখিলা যাতে ফাটি নাযায় তাৰবাবে ১ মিনিট মান সময় জুইত সেকি লব)

মোৱা মাছ ১০০ গ্ৰাম

কেচাঁ জলকীয়া (আন্দাজমতে) 

আদা - ১/২ চামুচ (মিহিকৈ কাটি লব)

মিঠাতেল - ১/২ চামুচ

ধনীয়া পাত (মিহিকৈ কাটি লব)

পিয়াজ ( মিহিকৈ কাটি লব)

নিমখ (সোৱাদ অনুযায়ী) 

শুকান খৰিছা - ২চামুচ 


 প্ৰণালী: 

 মাছ কেইটা ভালদৰে বাচি ধুই লব ৷ 
এতিয়া ১ চামুচ মিঠাতেল মাছকেইটাত সানি লৈ কলপাতত এডাল সূতাৰে মেৰিয়াই ছবিত দেখুৱাৰ ধৰণে পেকেটৰ নিচিনাকৈ বনাই লব ৷
কলপাতৰ টোপোলাটো ৰঙা আঙঠাৰ জুইত নাইবা গৰম কেৰাহীত/তাৱাত কম জুইত ১৫ মিনিট মান ভালকৈ সেকি লব ৷
অলপ ঠান্দা হলে কলপাতৰ পৰা মাছখিনি পাত্ৰ এটাত উলিয়াই লব ৷
মাছখিনিৰ লগত পিয়াজ, আদা, জলকীয়া, ধনীয়া, নিমখ, তেল, খৰিছা  ভালকৈ সানি পৰিৱেশন কৰক ৷



৩.শেৱালি ফুলৰ লগত সৰু মাছ


সামগ্ৰী: 

 শুকান শেৱালি ফুল - এমুঠি
সৰু মাছ (যিকোনো যেনে: মোৱা, পুঠি, দৰিকণা ইত্যাদি ) - এমুঠি
কেচাঁ জলকীয়া - ইচ্ছানুসৰি 
নিমখ - সোৱাদ অনুযায়ী 
কলাখাৰ - ১/২ চামুচ ( বা খোৱা চ'দা এচিকুট)
মিঠাতেল - ১ চামুচ
নহৰু - ৪ বা ৫ ফোটা

প্ৰণালী:

কুহুমীয়া গৰম পানীত যতনাই শুকাই থোৱা শেৱালী ফুল এমুঠি ১০-১৫ মিনিট সময় তিয়াই থৈ দিয়ক ৷
এতিয়া ফুলখিনি পানীৰ পৰা ভালদৰে চেপি লওক ৷
বাচি ধুই লোৱা মাছকেইটাত অলপ নিমখ হালধি গুড়ি সানি গৰম মিঠাতেলত মাছকেইতা ভাজি লব ৷
সেই একে কেৰাহীতেই মাছ ভাজি ৰৈ যোৱা অলপ তেলত জলকীয়া দুটামান লগতে কেইফোটামান নহৰু ৰঙচুৱাকৈ ভাজি লওক ৷
এতিয়া কেৰাহীত ভাজি থোৱা মাছকেইতাৰ লগতে কলাখাৰ, নিমখ আৰু একাপ মান পানী দি কম জুইত সিজিবলৈ দিব ৷
পানী উতলি কমি আহিলে জুইৰ পৰা নমাই থব ৷
গৰম ভাতৰ লগত তিতা সোৱাদৰ জুতি লওক ৷

No comments:

Post a Comment